দিল্লীত ‘চলো সংসদ’ প্ৰতিবাদ ।CJP ৰ আন্দোলনত সোনম ৱাংচুকৰ সমৰ্থন, আৰক্ষীৰ সৈতে সংঘৰ্ষ।

নতুন দিল্লী সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ মাজতে ৰাজধানী দিল্লীত CJP ৰ আহ্বানত অনুষ্ঠিত ‘চলো সংসদ’ প্ৰতিবাদে দেশজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। বিভিন্ন ৰাজ্যৰ পৰা অহা শতাধিক আন্দোলনকাৰীয়ে নিজৰ বিভিন্ন দাবী উত্থাপন কৰি সংসদ অভিমুখে সমদল উলিয়ায়। অৱশ্যে, সংসদ চৌহদৰ নিৰাপত্তাৰ কথা বিবেচনা কৰি দিল্লী আৰক্ষীয়ে বেৰিকেড স্থাপন কৰি সমদলটোক আগবাঢ়িবলৈ বাধা প্ৰদান কৰে।ইয়াৰ ফলত আন্দোলনকাৰী আৰু আৰক্ষীৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। বহু সময় ধৰি দুয়োপক্ষৰ মাজত ঠেলাঠেলি আৰু বাক-বিতণ্ডা চলি থাকে। আন্দোলনকাৰীসকলে আৰক্ষীৰ বেৰিকেড অতিক্ৰম কৰাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে তেওঁলোকক প্ৰতিহত কৰে। ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণত অনাৰ চেষ্টা।
এই আন্দোলনলৈ সমাজকৰ্মী তথা পৰিৱেশবিদ সোনম ৱাংচুকে সমৰ্থন জনাই কয় যে, গণতান্ত্ৰিক দেশত শান্তিপূৰ্ণভাৱে নিজৰ দাবী উত্থাপন কৰাৰ অধিকাৰ সকলো নাগৰিকৰ আছে। তেওঁ আন্দোলনকাৰীসকলৰ দাবীসমূহ গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ চৰকাৰক আহ্বান জনায়। আন্দোলনকাৰীসকলে শিক্ষাখণ্ডৰ বিভিন্ন সমস্যা, প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সংঘটিত হোৱা অনিয়মৰ নিৰপেক্ষ তদন্ত,দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা, শিক্ষাব্যৱস্থাত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ লগতে গণতান্ত্ৰিক অধিকাৰ সুৰক্ষাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাৰ পাছত সংসদৰ চৌহদ আৰু দিল্লীৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰে।

ইফালে, CJP ৰ নেতৃসকলে স্পষ্টভাৱে জনাইছে যে, তেওঁলোকৰ দাবীসমূহ পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব। প্ৰয়োজন হ’লে আগন্তুক দিনতো দেশজুৰি ব্যাপকভাৱে গণআন্দোলন গঢ়ি তোলাৰ সতৰ্কবাণী প্ৰদান।দিল্লীৰ এই প্ৰতিবাদে সামাজিক মাধ্যম আৰু ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একাংশই আন্দোলনকাৰীসকলৰ দাবীক সমৰ্থন জনোৱাৰ বিপৰীতে আন একাংশই আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক সমৰ্থন।
এতিয়া চৰকাৰ আৰু আন্দোলনকাৰীৰ মাজত আলোচনা অনুষ্ঠিত হৈ সমস্যাটোৰ শান্তিপূৰ্ণ সমাধান ওলাই আহে নে নাই, সেয়াই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে।