পৰীক্ষাত স্বচ্ছতা নিশ্চিত কৰিবলৈ ডাঙৰ সিদ্ধান্ত ।প্ৰশ্নফাঁহৰ গোচৰ চলিব ফাষ্ট-ট্ৰেক আদালতত।

0

দেশজুৰি সংঘটিত হৈ অহা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নফাঁহ কাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কৈছে যে, পৰীক্ষাৰ স্বচ্ছতা আৰু শিক্ষাৰ্থীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰশ্নফাঁহৰ সৈতে জড়িত গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে বিশেষ ফাষ্ট-ট্ৰেক আদালত গঠন কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে স্পষ্টভাৱে জনায় যে, যিসকল ব্যক্তি বা চক্ৰই পৰীক্ষা ব্যৱস্থাক কলংকিত কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলিও তেওঁ উল্লেখ কৰে।

শেহতীয়া সময়ছোৱাত বিভিন্ন ৰাজ্যত প্ৰশ্নফাঁহৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এই ঘোষণা বিশেষ গুৰুত্ব লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ মতে, নতুন ব্যৱস্থাৰ জৰিয়তে তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া অধিক দ্ৰুত হ’ব, ফলত দোষীসকলে শীঘ্ৰেই শাস্তি লাভ কৰিব। শিক্ষা বিশেষজ্ঞ আৰু বহু শিক্ষাৰ্থীয়ে এই পদক্ষেপক আদৰণি জনাই কয় যে, স্বচ্ছ আৰু বিশ্বাসযোগ্য পৰীক্ষা ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত এই সিদ্ধান্তে ইতিবাচক ভূমিকা পালন কৰিব। দেশজুৰি পৰীক্ষা ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা পুনৰ স্থাপন কৰাৰ ।

Leave A Reply

Your email address will not be published.