গণতন্ত্ৰ, ছাত্ৰ আন্দোলন আৰু সংবাদ মাধ্যমৰ দায়িত্ব

0

ভাৰতক পৃথিৱীৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰ বুলি কোৱা হয়। এনে এক গণতান্ত্ৰিক দেশ, য’ত সংবিধানে প্ৰতিজন নাগৰিকক নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। য’ত প্ৰশ্ন সোধাটো অপৰাধ নহয়, বৰঞ্চ গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি। কিন্তু আজি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ, আৰক্ষীৰ ব্যৱস্থা, লাঠিচাৰ্জ আৰু সংঘৰ্ষৰ খবৰ আহি থকাৰ মাজতে বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে। গণতন্ত্ৰ কেৱল নিৰ্বাচনত জয়লাভ কৰাৰ নাম নহয়। গণতন্ত্ৰৰ প্ৰকৃত অৰ্থ হৈছে জনসাধাৰণৰ কণ্ঠস্বৰ শুনা, মতভেদক সন্মান কৰা আৰু সংবিধানৰ সীমাৰ ভিতৰত প্ৰতিজন নাগৰিকক নিজৰ কথা কোৱাৰ সুযোগ দিয়া। যেতিয়া যুৱ সমাজ, ছাত্ৰ-ছাত্ৰী বা সাধাৰণ নাগৰিকে নিজৰ দাবীৰ বাবে ৰাজপথলৈ ওলাই আহে, তেতিয়া সেয়া গণতান্ত্ৰিক ব্যৱস্থাৰ এক স্বাভাৱিক অংশ। কিন্তু যদি সেই প্ৰতিবাদ হিংসাত্মক ৰূপ লয়, ৰাজহুৱা সম্পত্তিৰ ক্ষতি হয় বা আইন-শৃংখলা বিঘ্নিত হয়, তেন্তে ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰশাসন আৰু আৰক্ষীৰ দায়িত্ব। আৰক্ষীৰ মূল কৰ্তব্য হৈছে আইন-শৃংখলা বজাই ৰখা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে প্ৰয়োজনীয় ব্যৱস্থা লোৱাটোও তেওঁলোকৰ দায়িত্ব। কিন্তু গণতন্ত্ৰত আইন প্ৰয়োগ আৰু অত্যাধিক বল প্ৰয়োগৰ মাজত স্পষ্ট পাৰ্থক্য আছে। যদি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা বা নিৰস্ত্ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত অযথা বল প্ৰয়োগ কৰা হয়, তেন্তে তেনে দৃশ্য সমাজত উদ্বেগৰ সৃষ্টি কৰে। আইন-শৃংখলা ৰক্ষা কৰাটো প্ৰয়োজনীয়, কিন্তু প্ৰতিটো পদক্ষেপ সংবিধান আৰু মানৱ মৰ্যাদাৰ সৈতে সামঞ্জস্যপূর্ণ হোৱাও সমানেই গুৰুত্বপূৰ্ণ।

আটাইতকৈ ডাঙৰ প্ৰশ্ন হ’ল সংলাপৰ ঠাইত সংঘাত বৃদ্ধি পাইছে নেকি? আলোচনাৰ পৰিৱৰ্তে বল প্ৰয়োগ অধিক হৈছে নেকি? যুৱ সমাজৰ কণ্ঠস্বৰ সঁচাকৈয়ে শুনা হৈছে নে কেৱল নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলিছে? এইবোৰ প্ৰশ্ন কেৱল এখন চৰকাৰ বা এটা প্ৰতিষ্ঠানক লক্ষ্য কৰি নহয়, সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাক উদ্দেশ্য কৰিয়েই উত্থাপিত হৈছে। ইতিহাস সাক্ষী যে দেশৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনত ছাত্ৰ সমাজে সদায়েই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সেইবাবে যিকোনো ছাত্ৰ আন্দোলনক কেৱল আইন-শৃংখলাৰ দৃষ্টিৰে নহয়, সংলাপ, সহনশীলতা আৰু সংবেদনশীলতাৰে চোৱাটোও প্ৰয়োজন

এনে সময়ত সংবাদ মাধ্যমৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। ইয়াৰ অৰ্থ কেৱল বাতৰি প্ৰচাৰ কৰা নহয়; তথ্যভিত্তিক সত্য জনসাধাৰণৰ আগত তুলি ধৰা, ক্ষমতাক প্ৰশ্ন কৰা, জনতাৰ কণ্ঠস্বৰক মঞ্চ প্ৰদান কৰা আৰু প্ৰতিটো পক্ষক নিৰপেক্ষভাৱে উপস্থাপন কৰাও সংবাদ মাধ্যমৰ দায়িত্ব। সংবাদ মাধ্যমৰ ধৰ্ম কোনো পক্ষৰ হৈ থিয় দিয়া নহয়, সত্যৰ পক্ষত থিয় দিয়া। যেতিয়া সাংবাদিকে প্ৰশ্ন কৰে, তেতিয়া গণতন্ত্ৰ অধিক শক্তিশালী হয়। যেতিয়া সংবাদ মাধ্যমে কোনো ভয় বা চাপ নোহোৱাকৈ সত্যক প্ৰকাশ কৰে, তেতিয়া জনসাধাৰণৰ আস্থা অটুট থাকে। কিন্তু যদি প্ৰশ্ন সোধা কণ্ঠস্বৰ দুৰ্বল হৈ পৰে, বা সত্য প্ৰকাশ কৰাসকলৰ ওপৰত চাপ বৃদ্ধি পায়, তেন্তে গণতন্ত্ৰৰ গুণগত মানক লৈ আলোচনা হোৱাটো স্বাভাৱিক।

আজি প্ৰয়োজন সংঘাতৰ নহয়, সংলাপৰ। প্ৰয়োজন এই যে ছাত্ৰ-ছাত্ৰীয়ে শান্তিপূৰ্ণভাৱে নিজৰ কথা ৰাখক, প্ৰশাসনে ধৈৰ্য আৰু সংবেদনশীলতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰক, আৰু আৰক্ষীয়ে আইন প্ৰয়োগৰ সময়ত সংযম বজাই ৰাখক। কিয়নো গণতন্ত্ৰত জয় কোনো এটা পক্ষৰ নহয় জয় সংবিধানৰ।এখন শক্তিশালী গণতন্ত্ৰ সেইখনেই, য’ত আৰক্ষীৰ পোছাকৰ সন্মান অক্ষুণ্ণ থাকে, ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ সুৰক্ষিত থাকে, সংবাদ মাধ্যমে স্বাধীনভাৱে নিজৰ কৰ্তব্য পালন কৰিব পাৰে আৰু প্ৰতিজন নাগৰিকে ভয় নোহোৱাকৈ নিজৰ মতামত প্ৰকাশ কৰিব পাৰে।মনত ৰাখিব গণতন্ত্ৰ কেৱল সংসদৰ চাৰিদেৱালীৰ মাজত সীমাবদ্ধ নহয়। গণতন্ত্ৰ জনতাৰ কণ্ঠস্বৰত বাস কৰে, সংবিধানৰ মূল্যবোধত বাস কৰে আৰু সেই সকলো প্ৰতিষ্ঠানত বাস কৰে, যিবোৰে নিৰপেক্ষভাৱে নিজৰ দায়িত্ব পালন কৰে।

প্ৰশ্ন সোধাটো গণতন্ত্ৰৰ শক্তি। উত্তৰ দিয়াটো শাসনৰ দায়িত্ব। আৰু সত্য প্ৰকাশ কৰাটো সংবাদ মাধ্যমৰ ধৰ্ম।

Leave A Reply

Your email address will not be published.