“শিক্ষা আন্দোলনক লৈ ছলমান খানৰ প্ৰতিক্ৰিয়া ইয়াক ৰাজনৈতিক ৰং নিদিব, এয়া কেৱল শিক্ষাৰ বিষয়”

0

দেশজুৰি চলি থকা শিক্ষা ব্যৱস্থা আৰু প্ৰশ্নপত্ৰ ফাঁছক কেন্দ্ৰ কৰি আৰম্ভ হোৱা ছাত্ৰ আন্দোলনৰ মাজতে বলীউডৰ অভিনেতা ছলমান খানে প্ৰথমবাৰৰ বাবে নিজৰ মতামত প্ৰকাশ কৰিছে। জন্তৰ-মন্তৰত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাক তেওঁ গভীৰ দুখজনক বুলি অভিহিত কৰাৰ লগতে আন্দোলনটো সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছিল বুলি উল্লেখ কৰে।
নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত বিদ্যালয় জীৱনৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰি ছলমান খানে লিখে যে প্ৰশ্নপত্ৰ ফাঁছৰ দৰে ঘটনা দেশৰ শিক্ষা ব্যৱস্থাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ সমস্যা। উন্নত শিক্ষা ব্যৱস্থাৰ দাবীত দেশৰ ছাত্ৰ-ছাত্ৰীসকলে একত্ৰিত হৈ শান্তিপূৰ্ণভাৱে আন্দোলন আৰম্ভ কৰা প্ৰশংসনীয় বুলি তেওঁ মন্তব্য কৰে।আন্দোলনত আহত হোৱা ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি ছলমানে কয় যে কঠোৰ পৰিশ্ৰম আৰু সততাৰে অধ্যয়ন কৰা যুৱ প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত হোৱাটো অত্যন্ত প্ৰয়োজন। তেওঁ কয়, এই ছাত্ৰসকলেই আগন্তুক সময়ত এখন শিক্ষিত, শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিব।

ছলমান খানে স্পষ্টভাৱে উল্লেখ কৰে যে এই আন্দোলন কেৱল ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত। সেয়েহে ইয়াক কোনো ধৰণৰ ৰাজনৈতিক ৰং দিয়াৰ চেষ্টা কৰা উচিত নহয়। তেওঁৰ মতে, এই আন্দোলনৰ সম্পূৰ্ণ কৃতিত্ব দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ, যিসকলে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নিজৰ অধিকাৰৰ দাবী উত্থাপন কৰিছে।তেওঁ লগতে আশা প্ৰকাশ কৰে যে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ দাবীক ইতিবাচকভাৱে বিবেচনা কৰি শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সমগ্ৰ দেশেই উপকৃত হ’ব বুলি তেওঁ মন্তব্য কৰে।পোষ্টৰ অন্তত ছলমানে লিখে যে তেওঁৰ ইচ্ছা, শিক্ষা দেশৰ পৰৱৰ্তী “ট্ৰেণ্ড” আৰু “ফেশ্যন” হওক। ভাৰতৰ শিক্ষা ব্যৱস্থা ইমানেই উন্নত হওক যে বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীসকলেও উচ্চ শিক্ষাৰ বাবে ভাৰতলৈ আহিবলৈ আগ্ৰহী হয়।

ইফালে, ছলমান খানৰ এই পোষ্ট সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। ইয়াৰ মাজতে শিক্ষা আন্দোলনক সমৰ্থন জনাই ইতিমধ্যে শাবানা আজমী, প্ৰকাশ ৰাজ, ইমৰান খান, আয়েশা খান আৰু চেহবান আজিমকে ধৰি কেইবাজনো চলচ্চিত্ৰ আৰু টেলিভিছন জগতৰ শিল্পীয়ে বিভিন্ন প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.