
দেশজুৰি দীৰ্ঘদিন ধৰি চলি অহা ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ আন্দোলনৰ অন্তত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। আন্দোলনকাৰীসকলৰ মতে, এই পদত্যাগ কেৱল এজন মন্ত্ৰীৰ দায়িত্ব ত্যাগ নহয়, বৰঞ্চ গণতন্ত্ৰ, সংবিধান আৰু জনশক্তিৰ এক ঐতিহাসিক বিজয়।শিক্ষা ব্যৱস্থাত স্বচ্ছতা, প্ৰশ্নফাঁহ, পৰীক্ষাত অনিয়ম আৰু জবাবদিহিতাৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে দীৰ্ঘদিন ধৰি গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰাখিছিল। আন্দোলনৰ সময়ত বহু প্ৰতিবন্ধকতা, আৰক্ষীৰ কড়া ব্যৱস্থা আৰু সংঘাতৰ সন্মুখীন হ’লেও শিক্ষাৰ্থীসকলে নিজৰ দাবীৰ পৰা আঁতৰি যোৱা নাছিল। আন্দোলনকাৰীসকলৰ মতে, জনতাৰ ঐক্যবদ্ধ কণ্ঠ আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ শক্তিৰ সন্মুখত শেষত চৰকাৰ নতি স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। তেওঁলোকে কয়, “এই বিজয় কেৱল ছাত্ৰ সমাজৰ নহয়, সমগ্ৰ দেশৰ গণতন্ত্ৰপ্ৰেমী নাগৰিকৰ বিজয়।”
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে বিভিন্ন ৰাজ্যত ছাত্ৰ সংগঠনসমূহে আনন্দ প্ৰকাশ কৰে। সামাজিক মাধ্যমতো “ছাত্ৰ জিকিল, গণতন্ত্ৰ জিকিল” শ্লোগানে ব্যাপক সঁহাৰি লাভ কৰিছে।আন্দোলনৰ নেতৃত্ব দিয়া বিভিন্ন সংগঠনে স্পষ্ট কৰি দিছে যে পদত্যাগেই আন্দোলনৰ অন্ত নহয়। শিক্ষা ব্যৱস্থাত স্থায়ী সংস্কাৰ, পৰীক্ষা প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বচ্ছতা, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু শিক্ষাৰ্থীৰ অধিকাৰ সুৰক্ষিত নোহোৱালৈকে তেওঁলোকৰ সংগ্ৰাম অব্যাহত থাকিব। এই ঘটনাক বহু বিশ্লেষকে ভাৰতীয় গণতন্ত্ৰত জনমতৰ শক্তি আৰু গণআন্দোলনৰ প্ৰভাৱৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে অভিহিত কৰিছে।
