
অবিৰত ধাৰাসাৰ বৰষুণ আৰু উজনিৰ পাহাৰীয়া অঞ্চলৰ পৰা নামি অহা প্ৰবল ঢলৰ ফলত এইবাৰ অসম পুনৰ এবাৰ ভয়ংকৰ বানৰ কবলত।বিশেষকৈ উজনি অসমৰ টীয়ক, শিৱসাগৰ, নাজিৰা,টিংখং, সোণাৰি, ডিব্ৰুগড়, যোৰহাট আদি অঞ্চলত পৰিস্থিতি দিনক দিনে অধিক সংকটজনক । বহু নদ-নদীৰ পানী বিপদসীমাৰ বহু ওপৰেৰে বৈ থকাৰ ফলত গাঁওৰ পিছত গাঁও পানীৰ তলত ডুব গৈছে।শিৱসাগৰ জিলাৰ বহু অঞ্চলত ঘৰ-বাৰী সম্পূৰ্ণ পানীৰ তলত ডুব গৈছে। বহু পৰিয়াল নিজৰ ঘৰ এৰি বিদ্যালয়, নামঘৰ, উচ্ছেদ শিবিৰ অথবা ওখ ঠাইত আশ্ৰয় ল’বলৈ বাধ্য ।বহু ঠাইত বিদ্যুৎ আৰু যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ ফলত সাধাৰণ জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে।
নাজিৰাত পৰিস্থিতি আটাইতকৈ ভয়াবহ ৰূপ ধাৰণ কৰিছে। চাহ বাগিচাসমূহ সম্পূৰ্ণ পানীৰ তলত ডুব যোৱাৰ ফলত হাজাৰ হাজাৰ শ্ৰমিকৰ জীৱন-জীৱিকা সংকটত পৰিছে। ৫৭ হাজাৰতকৈ অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। বহু পৰিয়ালে ঘৰৰ চাল বা গছৰ ওপৰত আশ্ৰয় লৈ উদ্ধাৰৰ অপেক্ষাত দিন কটাইছে। খাদ্য, খোৱাপানী আৰু ঔষধৰ তীব্ৰ অভাৱৰ এক অভাৱনীয় পৰিস্থিতি ।
টীয়ক আৰু টিংখঙতো বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কৃষিভূমি, ধানখেতি, শাক-পাচলিৰ খেতি, পশুধন প্ৰায় সকলো ক্ষতিগ্ৰস্ত হৈছে। বহু ঠাইত পথ-ঘাট ভাঙি যোৱাৰ ফলত বাহিৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহো বানৰ প্ৰভাৱৰ পৰা ৰেহাই পোৱা নাই

এই দুৰ্যোগৰ মাজতে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু স্থানীয় স্বেচ্ছাসেৱী সংগঠনসমূহে। বহু ঠাইৰ পৰা নাও আৰু উদ্ধাৰকাৰী দলে শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলা আৰু অসুস্থ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে।
এই বান কেৱল পানীৰ সোঁত নহয়, হাজাৰ হাজাৰ মানুহৰ সপোন, পৰিশ্ৰম আৰু জীৱন-জীৱিকাৰ ওপৰত নামি অহা এক গভীৰ আঘাত। কৃষকৰ খেতি নষ্ট হৈছে, দৈনিক মজুৰিৰে জীৱিকা নিৰ্বাহ কৰা পৰিয়ালসমূহ আয়হীন আৰু বহু শিশুৱে বিদ্যালয়লৈ যাব ।
অসমৰ এই সংকটৰ সময়ত প্ৰয়োজন হৈছে সকলোৰে সহযোগিতা। চৰকাৰ, বিভিন্ন সামাজিক সংগঠন, স্বেচ্ছাসেৱী দল আৰু সাধাৰণ নাগৰিকসকল একেলগে আগবাঢ়ি আহিলে বহু পৰিয়ালক এই কঠিন সময় অতিক্ৰম কৰাত সহায় কৰিব পাৰিব। প্ৰকৃতিৰ এই তাণ্ডৱৰ সন্মুখত অসম আজি পৰীক্ষাৰ সন্মুখীন, কিন্তু ঐক্য, সাহস আৰু মানৱতাৰ শক্তিৰে এই দুৰ্যোগকো নিশ্চয় জয় কৰিব।